16 কিয়নো কুকুৰবোৰ মোৰ চাৰিওফালে আছে,
দুষ্ট কার্য কৰা লোক সকলে মোক বেৰি আছে;
মোৰ হাত-ভৰিবোৰ কোঁচ খাই গৈছে।
17 মোৰ আটাইবোৰ হাড় মই লেখিব পাৰোঁ;
সেই লোকসকলে মোলৈ একেথৰে চাইছে;
উল্লাসৰ দৃষ্টিৰে চাইছে।
18 নিজৰ মাজত তেওঁলোকে মোৰ কাপোৰ-কানি ভাগ বাঁটি লৈছে;
মোৰ বস্ত্ৰৰ অৰ্থে চিঠি খেলাইছে।