পুত্ৰ অবচালোমৰ ওচৰৰ পৰা পলাই যোৱাৰ সময়ত দায়ুদৰ ৰচিত গীত।
1 হে যিহোৱা চোৱা, মোৰ শত্রুৰ সংখ্যা কিমান বাঢ়িছে!
মোৰ বিৰুদ্ধে অনেকেই উঠিছে!
2 অনেকে মোক কৈছে, "ঈশ্বৰে তোমাক সহায়3:2 উদ্ধাৰ নকৰে।" (চেলা3:2 ‘চেলা’ শব্দটো গীতমালাৰ 71 ঠাইত উল্লেখ আছে, ই গীতৰ মাজৰ বিৰতিক নির্দেশ কৰে।)
3 কিন্তু, হে যিহোৱা, তুমিয়েই মোৰ চাৰিওফালে ঢাল হৈ আছা;
তুমিয়েই মোৰ গৌৰৱ;
তুমি মোৰ মূৰ উর্দ্ধত ৰাখিছা।
4 মই চিঞঁৰি চিঞঁৰি যিহোৱাক মাতো;
তাতে তেওঁ মোক তেওঁৰ পবিত্ৰ পৰ্ব্বতৰ পৰা উত্তৰ দিয়ে। (চেলা)
5 মই শুই পৰিলো আৰু টোপনি গলোঁ; পুনৰ সাৰ পালোঁ;
কিয়নো যিহোৱাই মোক ৰক্ষা কৰে।
6 মোৰ বিৰুদ্ধে মোৰ চাৰিওফালে হাজাৰ হাজাৰ লোক সজ্জিত হৈ আছে,
কিন্তু মই তেওঁলোকলৈ ভয় নকৰোঁ।