4 "হে যিহোৱা, মোৰ জীৱনৰ শেষ গতি মোক জনোৱা;
মোৰ আয়ুস কিমান দিনলৈকে আছে, তাক মোক জানিবলৈ দিয়া;
মোৰ জীৱন যে কেনে অলপদিনীয়া, তাক মোক জ্ঞাত কৰা।
5 চোৱা, তুমি মোৰ দিনবোৰ এবেগেতীয়া কৰিলা;
তোমাৰ দৃষ্টিত মোৰ জীৱনকাল একো নোহোৱাৰ নিচিনা;
বাস্তৱিক, সকলো মানুহ এক নিশ্বাস মাথোন। (চেলা)
6 বাস্তৱিক প্ৰতিজন মানুহে ছাঁস্বৰূপে অহা যোৱা কৰে;
তেওঁলোকে অনৰ্থক ৰূপে কেৱল হুৰামুৰা কৰে;
তেওঁলোকে ধন দমাই থয়, কিন্তু কোনে তাক ভোগ কৰিব, তাক নাজানে।