Pular para o conteúdo
Publicidade

গীতমালা 46:1-11

প্ৰধান বাদ্যকৰৰ নিমিত্তে: কোৰহৰ বংশৰ ৰচিত গীত। অলামোৎ সুৰত গাবলগীয়া সঙ্গীত।

1 ঈশ্বৰ আমাৰ আশ্ৰয় আৰু বল,

সঙ্কটৰ সময়ত বিচাৰা মাত্ৰে পাব পৰা ঈশ্বৰ।

2 এই বাবেই মই ভয় নকৰিম - যদিও পৃথিবীৰ পৰিবৰ্ত্তন হয়, পৰ্ব্বতবোৰ কঁপি উঠি সাগৰৰ বুকুত পৰে,

3 যদিও জল সমূহে তৰ্জ্জন-গৰ্জ্জন কৰে আৰু ফেনে-ফুটুকাৰে ভৰি পৰে,

যদিও পৰ্ব্বতবোৰে আলোড়ন কৰি কঁপি উঠে। (চেলা)

4 এখন নদী আছে; তাৰ সুঁতিবোৰে ঈশ্বৰৰ নগৰক আনন্দময় কৰি তোলে,

আনন্দময় কৰি তোলে সৰ্ব্বোপৰি জনা থকা সেই পবিত্ৰ স্থান।

5 ঈশ্বৰ সেই নগৰৰ মাজত থাকে; সেয়ে তাই বিচলিত নহ’ব।

অতি পুৱাতেই ঈশ্বৰে তাইক সহায় কৰিব।

6 জাতিবোৰে হৈ চৈ কৰিছে; আৰু ৰাজ্যবোৰ উচ্ছন্ন হৈছে;

তেওঁ গর্জন কৰি উঠিছে আৰু পৃথিৱী দ্রৱীভূত হ’ল।

7 বাহিনীসকলৰ সর্বশক্তিমান যিহোৱা আমাৰ সঙ্গত আছে;

যাকোবৰ ঈশ্বৰ আমাৰ আশ্রয়স্থান। (চেলা)

8 আহাঁ, যিহোৱাৰ কার্য-কলাপ চোৱা,

তেওঁ পৃথিবীত ধ্বংস আনিছে।

9 তেওঁ পৃথিবীৰ সকলো যুদ্ধ বন্ধ কৰে,

তেওঁ ধনু ভাঙে, বৰছা ডোখৰ ডোখৰ কৰে,

ৰথবোৰ জুইত পোৰে।

10 যিহোৱাই কৈছে, "তোমালোক ক্ষান্ত46:10 যুদ্ধবোৰ বন্ধ কৰা হোৱা, মই যে ঈশ্বৰ, ইয়াকে জানা!

সকলো জাতিয়ে মোকেই গৌৰৱান্বিত কৰিব,

পৃথিৱীয়ে মোকেই গৌৰৱান্বিত কৰিব।"

11 বাহিনীসকলৰ সর্বশক্তিমান যিহোৱা আমাৰ সঙ্গত আছে;

যাকোবৰ ঈশ্বৰ আমাৰ আশ্রয়স্থান। (চেলা)

Estes versículos te tocaram? Ore agora!

+581 estão orando agora.

Junte-se à corrente de oração.