প্ৰধান বাদ্যকৰৰ নিমিত্তে: তাৰযুক্ত যন্ত্ৰেৰে গাবলগীয়া দায়ূদৰ ৰচিত গীত।
1 হে ঈশ্বৰ, মোৰ ক্রন্দন শুনা;
মোৰ প্ৰাৰ্থনালৈ কাণ দিয়া।
2 মোৰ মন দুখত যেতিয়া ভাঙি পৰে,
মই পৃথিবীৰ অন্তত থাকিলেও তাৰ পৰা তোমাক মাতিম;
তুমি মোক মোতকৈ ওখ শিলটোলৈ লৈ যোৱা য’ত মোৰ নিৰাপত্তা আছে।