প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ূদৰ ৰচিত গীত, সঙ্গীত।
1 হে ঈশ্বৰ, চিয়োনত প্ৰশংসাই তোমালৈ অপেক্ষা কৰি আছে;
তোমালৈ সঙ্কল্প সিদ্ধ কৰা হব।
2 হে প্ৰাৰ্থনা শুনোতা জনা,
তোমাৰ ওচৰলৈ সকলো মানুহ আহিব।
3 আমাৰ অপৰাধবোৰ আমাৰ বিৰুদ্ধে;
তথাপি আমাৰ অধৰ্মবোৰ তুমিয়েই ক্ষমা কৰিবা।