17 হে ঈশ্বৰ, তুমি মোক লৰালি কালৰে পৰা শিক্ষা দি আহিছা;
আৰু এতিয়ালৈকে মই তোমাৰ আচৰিত কাৰ্যবোৰ প্ৰকাশ কৰি আহিছোঁ।
18 প্রকৃততে মোৰ বয়সস্ত অৱস্থা আৰু চুলি পকাৰ সময়ত মোক ত্যাগ নকৰিবা,
মই ভাবী-বংশৰ আগত তোমাৰ পৰাক্রম ঘোষণা কৰিম;
আৰু আহিবলগা সকলোকে তোমাৰ পৰাক্রমৰ কথা শুনাম।