মেইম
97 ওহ, মই তোমাৰ ব্যৱস্থা কেনে ভাল পাওঁ!
সেয়ে ওৰে দিন মোৰ ধ্যানৰ বিষয়।
98 তোমাৰ আজ্ঞাই মোক মোৰ শত্ৰুবোৰতকৈ জ্ঞানৱান কৰি তোলে;
কিয়নো তোমাৰ আজ্ঞাবোৰ সদায় মোৰ লগে লগে থাকে।
99 মোৰ সকলো শিক্ষাগুৰুতকৈ মই জ্ঞানৱান;
কিয়নো তোমাৰ আজ্ঞাবোৰ মোৰ ধ্যানৰ বিষয়।
100 মই বৃদ্ধ লোক সকলতকৈয়ো অধিক বুজোঁ;
কাৰণ মই তোমাৰ আদেশবোৰ পালন কৰি আহিছোঁ।