প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ুদৰ ৰচিত গীত। বৎচেবাৰ লগত ব্যভিচাৰ কৰাৰ পাছত যেতিয়া নাথন ভাববাদী দায়ুদৰ ওচৰলৈ আহিছিল সেই সময়ৰ গীত।
1 হে ঈশ্বৰ, তোমাৰ অসীম প্রেম অনুসাৰে মোক কৃপা কৰা,
তোমাৰ প্ৰচুৰ দয়া অনুসাৰে মোৰ পাপ মোচন কৰা।
2 মোৰ সকলো অধৰ্ম তুমি ধুই পেলোৱা;
মোৰ পাপৰ পৰা মোক শুচি কৰা।
3 মোৰ পাপবোৰ মই নিজে জানিছোঁ;
মোৰ পাপ সদায় মোৰ আগত আছে।